এক চেতনাৰ অভ্যুত্থান
নিশাৰ সপোনটোৰ কাহিনী শেষ হ’বলৈ নাপালেই, হঠাৎ বাহিৰত বৰষুণৰ শব্দ শুনি আতংকগ্রস্ত হৈ সাৰ পালোঁ। গুৱাহাটীৰ দৰে মহানগৰীত (?) থাকিলে হাতত গৰম চাহ একাপ লৈ পুৱাৰ বৰষুণজাকৰ আমেজ লোৱাৰ সলনি আতংকিতই হ’বলগীয়া হয়। তিতি থকা গছৰ পাতবোৰত আকাশৰ ৰং জিলিকি আছিল। দেখিলোঁ ঘৰৰ পৰা পানী ওলাই যোৱা নলাটোত পানী উভতি ব’বলৈ আৰম্ভ কৰিছে। বৰষুণ চাগে ওৰে নিশাই দিছিল।
ম’বাইলটোৰ স্ক্ৰীণত ৰাজেশৰ নামটো জিলিকি উঠিল।’হেল্ল’! তই উঠিলিনে নাই? সোনকালে ওলা। গোটেই গুৱাহাটীখন পানী। এতিয়াই ওলাই নগ’লে ফ্লাইটখন ধৰিব নোৱাৰিম।’ টিভিৰ পৰ্দাত জলমগ্ন জু-ৰোডৰ এখন গতানুগতিক দৃশ্য। তাৰ লগতে স্ক্ৰীণৰ তলৰ অংশত জিলিকি থকা এটা খবৰৰ টুকুৰাই দৃষ্টি আকর্ষণ কৰিলে- উগ্রপন্থীয়ে মার্কিন সাংবাদিকজনৰ শিৰচ্ছেদ কৰাৰ প্ৰতিশোধকল্পে বাৰাক অ’বামাই ইৰাকত মার্কিন সেনাৰ অভিযান আৰু অধিক তীব্ৰতৰ কৰিব বুলি ঘোষণা কৰিছে। ৰাজেশে উঠি অহা টেক্সীখনক পানীৰ ঢৌৱে অহৰহ খুন্দিয়াবলৈ আৰম্ভ কৰিছে। এটা সময়ত গাড়ীবোৰৰ গতি স্তব্ধ হৈ গ’ল। পানীৰ মাজত টুলুং-ভুটুং কৰি থকা গাড়ীখনৰ ছিটত ৰাজেশে নিজৰ শৰীৰটোক অলসভাবে এৰি দিলে।
মহাশূন্যত মহাবিশ্বৰ সমস্ত ভৰশক্তি বিলীন হৈ গৈছিল। চাৰিওফালে মাথোঁ এক বিশাল শূন্যতাই বিৰাজ কৰিছিল। সময়ৰ চকৰি ঘূৰিছিল নে নাই তাৰ হিচাপ দিবলৈয়ো কোনো নাছিল। অন্ধকাৰ জগতখনৰ একো নতুনত্ব নথকা সময়বোৰৰ অৱসান ঘটাই হঠাৎ সেই বহু আকাংক্ষিত দিনটো আহিল। সেয়াই আছিল মহানাদ, স্থান-কাল আৰু আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ আৰম্ভণি।
তেতিয়াৰ পৰা প্ৰায় ৩৭ নিযুত বছৰ পাৰ হৈ গ’ল। তথাপি ৰাজেশৰ সেই দিনবোৰৰ কথা ভালকৈয়ে মনত আছে। ‘ৰাজেশ গাড়ীৰ ভিতৰত বহি কি ভাবি আছ? এনেকৈ থাকিলে কেতিয়াও এয়াৰপ’ৰ্ট গৈ নাপামগৈ।’ ৰাজেশে উঠি অহা টেক্সীখন মোৰ ঘৰৰ সন্মুখ পাবগৈ বুলি আশা নকৰি মই নিজেই আগবাঢ়ি আহিলোঁ। অথনিৰে পৰা লৰালৰি কৰি থকা ৰাজেশক এতিয়া গাড়ীৰ ভিতৰত কিবা চিন্তা কৰি বহি থকা দেখি খংটো মূৰলৈকে উজাই আহিল। অলপ পিছত টেক্সীখনক বিদায় দি পিঠিত বেগটো লৈ ৰাজেশ আঁঠুলৈকে বুৰ যোৱা গুৱাহাটীৰ ৰাজপথ অথবা এতিয়াৰ খালৰ পানীত নামিলহি পানীখিনি খোজকাঢ়ি পাৰ হ’বলৈ।
বিশ্বৰ অন্য এক প্রান্তত সেই সময়ৰ বতাহত বাৰুদৰ গোন্ধ পোৱা গৈছিল। গাজা ষ্ট্ৰীপৰ ঘৰে ঘৰে তেতিয়া মৃত্যুৰ কিৰিলি। সাংবাদিকৰ বাবে থকা আছুতীয়া গৃহত বহি বিবিচিৰ সাংবাদিক দুজনে যুদ্ধৰ বিভীষিকাক ধৰি ৰখাৰ ফটো কেইখনমানত চকু ফুৰাই আছিল। মূৰত বাৰুদৰ আঘাতৰ পৰা ৰক্ষা পাবলৈ বিশেষভাৱে তৈয়াৰী হেলমেট। তেওঁলোকৰ দৃষ্টি এখন কৰুণ ফটোত আৱদ্ধ হৈ ৰ’ল। সেইখন আছিল সমগ্র বিশ্বত তোলপাৰ লগোৱা এটা শিশুৰ মৃতদেহ ৰেফ্ৰিজাৰেটৰ এটাত পেলাই থোৱাৰ দৃশ্য। সাংবাদিক এজনে এটা দীঘল হুমুনিয়াহ এৰিলে- ‘এনেকৈ আৰু কিমান দিন? প্রথম বিশ্বযুদ্ধৰ দুঃস্বপ্ন পাহৰিবলৈ নৌপাওঁতেই সমগ্র বিশ্বই পাৰমাণৱিক অস্ত্ৰৰ ভয়াৱহতা দেখিলে আৰু এতিয়া লাডেনৰ দিনৰ পৰা আৰম্ভ হোৱা সন্ত্রাসবাদী কাৰ্যকলাপ বকো হাৰাম, আইছিল আদি ইমানটা নামেৰে বিস্তৃত হৈ গৈছে যে…।’
‘এনেকৈ আৰু কিমান দিন?’
মই এটা প্রশ্নবোধক চাৱনিৰে মোৰ পাছে পাছে আহি থকা ৰাজেশৰ মুখলৈ চাই সুধিলোঁ- ‘কি কিমান দিন?’
‘পৃথিৱীখন বহুত অশান্ত হৈ গৈছে।’
‘অ’, সেই কাৰণেইতো আমি শান্তি বিচাৰি ফুৰিবলৈ ওলাইছোঁ।’ ভাবি নাপালোঁ তাৰ মূৰত আজি এনেকুৱা চিন্তাবোৰ কিয় সোমাইছে। ‘দুদিনমান ফুৰা-চকা কৰিলে মনটো ভাল লাগি যাব দে।’- পৰিৱেশটো পাতল কৰিবলৈ ক’লোঁ।
‘মই ফুৰিবলৈ ওলোৱা নাই।’
বাপ্ৰে! ওৰেনিশা অহা বৰষুণৰ পানী সোমাই চাগে ইয়াৰ মূৰত শ্বৰ্ট চার্কিট হ’ল।
‘বাৰু তয়ে ক’চোন আমাৰ মগজুৱে চিন্তা কেনেকৈ কৰে?’
‘মই জীৱবিজ্ঞান পঢ়া নাছিলোঁ। মগজুত থকা নিউৰণৰ দ্বাৰাই কৰে চাগে।’- মোৰ সহজ আৰু গা এৰা দিয়া উত্তৰ।
‘তোৰ মগজুৱে তোক এইমাত্ৰ যিটো উত্তৰ দিবলৈ ক’লে উত্তৰটো তাতকৈ অধিক জটিল। আচলতে আমাৰ চিন্তাশক্তি বা চেতনা হ’ল বিশ্বব্রহ্মাণ্ড সৃষ্টিৰ সময়ৰে পৰা থকা কিছুমান অনাৱিষ্কৃত জটিল কণাৰ কাৰ্যকলাপ। যুগ যুগ ধৰি এই চেতনাৰ কণাসমূহ এজন মানুহৰ পৰা আন এজন মানুহৰ মগজুত থিতাপি লৈ আহিছে। কাৰোবাৰ মগজুৱে যদি চেতনাৰ কণাত লিপিবদ্ধ পূৰ্বৰ স্মৃতি উদ্ধাৰ কৰিব পাৰে কোনোবাই নোৱাৰে। পৃথিৱীৰ বিনাশকাৰী শক্তিসমূহেও চেতনাৰ স্মৃতি উদ্ধাৰৰ জৰিয়তে আজিৰ এই ভয়াৱহ ৰূপ ধাৰণ কৰিছে।’
মই দেখিলো অৱস্থা দেখোন গুৰুতৰ, বিজ্ঞানে সমর্থন নকৰা কথা কিছুমানক ৰাজেশে কেতিয়াৰ পৰা বিশ্বাস কৰিবলৈ ল’লে নাজানিলোঁ।
‘তই বাৰাণসীৰ ব্ৰহ্মা মন্দিৰৰ কাহিনীটো শুনিছ?’
মোৰ মনত পৰিল ক’ৰবাত পঢ়াৰ কথা। তাৰে ব্ৰহ্মামন্দিৰ এটাত তিনিডাল খুঁটিৰ এডালত ষাঠিখন সোণৰ কাঁহী ডাঙৰৰ পৰা সৰুলৈ সজাই থোৱা আছিল। প্রচলিত বিশ্বাস মতে যিদিনাই এই ষাঠিখন কাঁহী তিনি নম্বৰ খুঁটিটোত ঠিক একেধৰণে সজোৱা হ’ব সেইদিনাই ব্রহ্মাণ্ডখন ধ্বংস হ’ব। কিন্তু চর্তমতে ছালবোৰ দিওঁতে এখন সৰু কাঁহীৰ ওপৰত এখন ডাঙৰ কাঁহী থ’ব পৰা নাযাব।
ৰাজেশে ক’লে- ‘এতিয়া জনশ্রুতিটো সঁচা বুলি প্রমাণিত কৰাৰ সময় আহি গৈছে, পৃথিৱীত সঁচাকৈয়ে অশান্তি বাঢ়ি গৈছে।’
‘ভাল লাগিল তোৰ কাহিনীটো, গল্প এটাই লিখিব পাৰিম।’ ৰাজেশক তুচ্চ-তাচ্ছিল্য কৰি থকাৰ মাজতে এটা চিঞৰ শুনি পিছফালে ঘূৰি চালোঁ। ৰাজেশ দেখোন নাই। হৈ- হাল্লা কৰি কাষ চাপি অহা মানুহখিনিৰ মুখত শুনিলোঁ কিছুমানৰ চকুৰ আগতেই ৰাজেশ মেনহ’ল এটাত সোমাই গ’ল।
দুদিন পিছত উদ্ধাৰ হোৱা ৰাজেশৰ মৃতদেহৰ সৈতে অশ্রুসিক্ত নয়নেৰে শ্মশান যাত্ৰাত অংশ লৈ গৈ থাকোঁতে ভাবিলোঁ ৰাজেশৰ সৈতে তাৰ কাহিনীটোও চিৰনিদ্ৰাত ঢলি পৰিল। তথাপি ৰাজেশে কোৱাৰ দৰে যদি তাৰ অমৰ চেতনাৰ কাৰোবাৰ মগজুৰ জৰিয়তে পুনৰ অভ্যুত্থান ঘটে…।
This short story was published in Cotton University’s annual magazine “Cottonian” (88th edition, 2013–14, Editor –Kalpajyoti Ray, ISSN 2394-1367).
এই চুটিগল্পটি কটন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘কটনিয়ান’ (৮৮ সংখ্যক প্রকাশ, ২০১৩-১৪ চন, সম্পাদক-কল্পজ্যোতি ৰায়, ISSN 2394-1367)