মানুহৰ সংজ্ঞা

মস্তিষ্কৰ জটিল স্থাপত্যৰ দেৱালে দেৱালে লিখিত কিছুমান দুষ্কৰ সমীকৰণ আৰু হৃদয়ৰ নিভৃত কোণত সাঁচি থোৱা কিছুমান আৱেগৰ মাজৰ মহাসমৰৰ কাহিনী এটা। আজি সেই মহাসমৰৰ এহেজাৰ বছৰৰ পাছত ইতিহাসৰ পাত লুটিয়াই; ব্যক্ত-অব্যক্ত ক্রুৰতাপূৰ্ণ কাহিনী কিছুমান বিশ্লেষণ কৰি নতুন মানৱে লক্ষ্য কৰিছে যে মহাসমৰৰ প্ৰত্যেকটো অধ্যায় মাত্র এটা প্রশ্নকে কেন্দ্ৰ কৰি আৱৰ্তন কৰি আছে- “মানুহৰ সংজ্ঞা কি?”

এহেজাৰ বছৰ আগৰ কথা-
মানুহখিনিয়ে আশংকা কৰিছিল যে তেওঁলোক অতি সোনকালেই ৰ’বটৰ দৰে হৈ পৰিব। মানুহ হৈয়ো মানুহৰ সংজ্ঞা পাহৰি পেলাব। কিন্তু তেওঁলোকৰ আশংকা, সপোন, ইচ্ছা-অনিচ্ছা সকলো আধুনিক পৃথিৱীখনত একেবাৰে অৰ্থহীন কথা আছিল আৰু তেওঁলোকৰ কবিতা আছিল বাকী মানুহ (?) খিনিৰ বাবে আদিম মানৱৰ মুখৰ বেবেৰিবাং কথা কিছুমান। 

তেওঁলোকৰ চিন্তাত আউল-লগাই পিঞ্জৰাৰ দুৱাৰখন খোল খালে। লগে লগে আধুনিক মৰণাস্ত্ৰৰে সজ্জিত ৰ’বট কিছুমান সোমাই আহিল। মৰণাস্ত্ৰ বুলি কৈয়ে শেষ কৰাটো ভাল হ’ব, কিয়নো ৰজিতা খোৱাবলৈ তেওঁলোকৰ সৰু পৃথিৱীখনত তেনেকুৱা ধৰণৰ একো বস্তু নাছিলেই। পিছে পিছে সোমাই আহিল কেইজনমান মানুহ(?)। এইখিনি সময়তে খেলিমেলি লাগি যায়। কাক মানুহ বুলি কোৱা যায় বা মানুহৰ সংজ্ঞা কি? সদ্যহতে পিঞ্জৰালৈ সোমাই অহা পিঞ্জৰাৰ গৰাকীখিনিক মানুহ(?) আৰু পিঞ্জৰাত বন্দী হৈ থকাখিনিক কেৱল মানুহ হিচাপে চিহ্নিত কৰা যাওক।

মানুহ(?) এক- “এক আৰু দুই নম্বৰক বান্ধি মোৰ পৰীক্ষাগাৰলৈ লৈ যোৱা হওক।”
মানুহ (?) দুই- “Robot XZ400 Series. দহ নম্বৰৰপৰা বিছ নম্বৰলৈ জৰুৰীকালীন মগজু স্কেন কৰোৱা।”

মানৱ মগজুৰ ক্ৰমবিকাশৰ বিষয়ে গৱেষণা চলাই থকা গোটটোৰ তত্ত্বাৱধায়ক মানুহ (?) তিনিয়ে নিৰ্দেশ দিলে- “পৰীক্ষাবোৰ অতি সোনকালে শেষ কৰা যাওক যাতে অদৰকাৰী জন্তুবোৰক হত্যা কৰি নতুন বন্দীৰ বাবে পিঞ্জৰাটো অলপ খালী কৰিব পৰা যায়। অদৰকাৰী জন্তু পুহি ৰখাৰ কোনো অর্থ নাই।”

মানুহ(?)খিনিৰ আধুনিক সাংকেতিক ভাষাৰ অসমীয়া ভাবানুবাদ চাগৈ এনেকুৱাই  হ’ব। এটাও অদৰকাৰী কথা নাছিল। আৱেগ- অনুভূতি একো নাছিল, মাথোঁ তথ্য কিছুমান আছিল। যেন কোনোবা কম্পিউটাৰ প্ৰগ্ৰেমৰ আউটপুট কিছুমান। 

“ভাবিছিলোঁ সিহঁতে আজি মোক মোৰ মাজনীক উভতাই দিব…।”- মানুহ একে ইয়াতকৈ বেছি আৰু একো হ’ব নোৱাৰিলে। মানুহ দুয়ে একক সান্ত্বনা দিবলৈ শব্দ কিছুমান মনতে জুঁকিয়াই লৈছিল যদিও ভাবিলে একো নোকোৱাই ভাল হ’ব কিজানি। একৰ পৰিয়ালৰ এজন এজনকৈ সদস্যক মানুহ(?) খিনিয়ে বন্দী কৰি লৈ গৈ উভতাই নিদিয়াৰ পাছত শেহতীয়াকৈ বাকী থকা তেওঁৰ ছোৱালীজনীক সিহঁতে ধৰি-বান্ধি লৈ যাওঁতে একে এবাৰলৈয়ো নাকান্দিলে। হয়তো কান্দিবলৈয়ে পাহৰি গৈছে মানুহজনে। হয়তো তেওঁলোক সঁচাকৈয়ে ৰ’বট হ’বলৈ গৈ আছে। মানুহ দুই অকলশৰীয়া মানুহ আছিল। দুখ কৰিবলগীয়া একো নাছিল। মৰিলেও কান্দিবলৈ কোনো নাছিল। মানুহ (?)ৰ পৰীক্ষাৰ সামগ্ৰী হৈ বা চিৰিয়াখনাৰ জন্তু হৈ জীয়াই থকাতকৈ মৰিবলৈয়ে ভাল পাব তেওঁ। কিন্তু তেওঁৰ যে পাল নহাই হ’ল। সিহঁতৰ বাবে গঢ়ি দিয়া এখন সৰু পৃথিৱী সদৃশ পিঞ্জৰালৈ সিহঁতক অপহৰণ কৰি লৈ অনাৰ দিন ধৰি সিহঁতৰ হাতত কৰিবগীয়া মাত্র এটা কাম আছিল— মৃত্যুৰ অপেক্ষা।

ফেব্ৰুৱাৰী মাহ, দিল্লীত থাকিব নোৱাৰা অতিপাত শীতৰ প্ৰকোপ । পাঠ্যক্ৰমৰ কিতাপ পঢ়োঁতে সামান্যকণো কষ্ট কৰিবলৈ টান পালেও জোঁটাই জোঁটাই হ’লেও হিন্দীত লিখা জাননীখন পঢ়িলোঁ। কাইলৈ বোলে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰসকলে মাণ্ডী হাউছৰপৰা সংসদ ভৱনলৈ এক প্রতিবাদী সমদল উলিয়াব। আমাক কোনে পায় আৰু| আন্দোলনৰ কাৰণ কি, কাৰ বাবে কৰিছে জনাৰ আগ্ৰহ নাই। আমাৰ “We the Luitians in NCR” গ্ৰুপটোত কাইলৈ Adventure Island নামৰ প্রমোদ উদ্যানখনলৈ যোৱাৰ প্রস্তাৱ দিলোঁ। ঘোঁৰাৰ ঘাঁহ কাটি কাটি আমনি পাই থকা বাকী পাঁচজন সদস্য একে আষাৰেই মান্তি হ’ল।  

দিনকাল বেয়া হ’ল আজিকালি। মিঠাতেল ভেজাল, শাক-পাচলি সাৰ দিয়া। শেষত হৈ couple-বোৰো ভেজাল হ’লগৈ। চিনাকি হোৱাৰ দুসপ্তাহো হোৱা নাছিল। couple ৰ বাবে থকা টিকেটৰ ‘ডিস্কাউন্ট’কেইটা দেখিও লাজতে কোনেও couple হৈ যোৱাৰ প্ৰস্তাৱ দিব পৰা নাছিল। শেষত তৃষ্ণাই মোৰ মনৰ প্ৰস্তাৱটো দি দিয়াৰ পাছত মোক আৰু কোনে পায়। গা সাতখন আঠখন লাগি গ’ল। টিকটকেইটা কৰিলোঁ আৰু ৰূমমেট ৰিয়াজক সকীয়নি দি থ’লোঁ— “ৰাগিনীৰ লগত মইহে couple হৈ যাম, তই বাকী তিনিজনীৰ যাৰ লগত হৱ হৈ থাকিবি। তাৰ পাছত বিচনাত পৰি সপোন দেখিবলৈ ল’লোঁ যে ৰাগিনী আৰু মই couple হৈ যাম, Adventure Islandৰ গেটত সুধিব, “couple হ’নে কা ক্যা প্রুফ হ্যে?” আমি সিহঁতক couple হৈ দেখুৱাবলৈ হাতত ধৰিম আৰু তাৰ পাছত…!

সপোন দেখি ৰাতিপুৱা উঠোঁতেই বহুত দেৰি হৈ গ’ল।ৰাগিনীৰ মেছেজ এটা আছিল- “অভি তহঁতি কি তৰি আছ’?”। নৃত‍্য বুলি ৰিপ্লাই এটা দি খৰধৰকৈ বিশ্ববিদ‍্যালয়ৰ মেট্ৰ’ ষ্টেচনলৈ ওলালোঁ। আফ্ৰিন আৰু শেৱালীয়ে বকি আছিল—ল’ৰা কেইটাৰহে ওলাওঁতে বেছি সময় লাগে ষ্টাইল কৰি কৰি। “অভিনৱ, তোক এনেও কোনেও নাচায় দে, বেছি চুলি থিয় কৰিব নালাগে।” ৰিয়াজে কাণে কাণে ক’লে—“ছোৱালীকেইজনী আজিচোন খুউব ধুনীয়া হৈ আহিছে।” মই সুধিলোঁ—“প্ৰশংসা, অভিযোগ নে নোপোৱাৰ বেদনা আছিলে এয়া?”

দেৰি হৈছিল যদিও escalator-ত চলি থকাৰ ওলোটা দিশত খোজ কাঢ়িবলৈ নেৰিলোঁ। লাভৰ মূৰত “ডিমাগ মে কুচ্ছ প্ৰবলেম হ‍্যে ক‍্যা বুলি” নিৰাপত্তাৰক্ষী এজনৰ পৰা গালি খাই দিনটোৰ শুভাৰম্ভণি কৰা হ’ল।তেনেতে মেট্ৰ’ত উঠিবলৈ লওঁতেই ইটোফালৰ প্লেটফ’ৰ্মত চকামকাকৈ মুখ এখন দেখিলো।ভাবিলোঁ নাই, এনেকুৱা হ’ব নোৱাৰে। সিহঁতে বাৰু মোক কিয় সন্দহ কৰিব? তথাপি এক অজান আশংকাত বুকুখন চিৰিংকৈ গ’ল। কাণত বাৰে বাৰে গুঞ্জিত হ’বলৈ ধৰিলে— EH432…. EH432…. EH432…. EH432….

EH432ৰ ডায়েৰীৰ পাতৰ পৰা।

সদায় অহাৰ দৰে মোৰ কেবিনটোলৈ উভতি আহিলো।সদায়ৰ দৰে ডায়েৰীখন উলিয়াই ল’লোঁ। ডায়েৰীখনৰ প্ৰত‍্যেক পৃষ্ঠাতেই একেই গতানুগতিক জীৱনৰ বৰ্ণনা আছিল। মাত্ৰ জীৱনকলৈ অভিযোগ কৰাৰ ভাষাবোৰ বেলেগ বেলেগ আছিল।খুব সম্ভৱ এটা সময়ত অভিযোগ কৰি কৰিও আমনি লাগিব। ডায়েৰীখনো চাগে কোঠাৰ এচুকত এলাগী হৈ পৰি ৰ’ব। সন্মূৰ স্ক্ৰীণ এখনত মোৰ গাত লাগি থকা সকলো যন্ত্ৰপাতিৰ ( যিবোৰক এতিয়া মোৰেই অভিন্ন অংগৰূপে বিবেচনা কৰা হয়) দিনটোৰ সকলো ৰিপ’ৰ্ট দেখুৱাই আছিল। অনুশাসন ভংগৰ বাবে শেষৰটো বাধ‍্যতামূলক চিকিৎসা পৰীক্ষাৰ বাবে নিৰ্দেশ আহি আছিল।বিতৃষ্ণাত মূখখন বেকা হৈ গ’ল। স্ক্ৰীণত জীৰণিৰ সময় আৰম্ভ হোৱা বুলি অধিসূচনা আহিল আৰু কেবিনৰ পোহৰ নিস্প্ৰভ কৰি দিয়া হ’ল। মোৰ জীৱনটোনো পিঞ্জৰাৰ মানুহকেইটাৰ জীৱনতকৈ কিনো বেলেগ! আমি সকলো পৰাধীন আছিলোঁ। মোৰ শৰীৰত থকা যন্ত্ৰপাতিবোৰৰ এঘণ্টীয়া Routine Maintenance শেষ হ’ল আৰু মোৰ মগজুত থকা কম্পিউটাৰটো শ্বাট ডাউন কৰি দিয়া হ’ল এই দুই ঘণ্টাৰ জীৰনিৰ সময়খিনিৰ বাবে। দিনটোৰ এইখিনি সময়ে মোৰ আটাইতকৈ প্রিয়। মোৰ ওপৰত কাৰো নির্দেশ নচলে, কোনো যন্ত্রপাতিৰ অধীন নহও; মই মানুহ হৈ পৰোঁ। চিকিৎসকৰ মতে ক্রমাৎ অকর্মণ্য হ’বলৈ গৈ থকা মানুহ(?)। নাজানো কিয় এনেকুৱা হৈ জন্ম পালোঁ। এই ৰোগত অতি কমসংখ্যক মানুহ (?) হে আক্রান্ত হয়। হৃদয়হীন পথিৱীত হৃদয় এখন কিয় যে পালোঁ! নাজানো কিয় কেতিয়াবা গান গাবলৈ মন যায়, ছবি আঁকিবলৈ মন যায় আৰু কোনোবা প্ৰেয়সীৰ কোলাত মূৰ থৈ সুখ-দুখৰ কথা পাতিবলৈয়ো মন যায়।

পেছাত এজন পদার্থবিজ্ঞানী আছিলোঁ। আমাৰ গ্ৰহটোৰ আন সকলো মানুহৰ (?) দৰে কৃত্রিম বুদ্ধিমত্তা সম্পন্ন বিভিন্ন যন্ত্রাংশ শৰীৰত স্থাপন কৰি অতিমানৱৰ পৰ্যায় পাইছিলোঁগৈ। এশ বছৰ আগতেই আৰম্ভ হোৱা প্ৰক্ৰিয়া আমাৰ সময়ত আহি পূর্ণাংগ পর্যায়ত উপস্থিত হৈছেহি। আজিকালি এটা ভাঙৰ Production Roomত কৃত্রিম প্ৰক্ৰিয়াৰে শিশু জন্ম দিয়া হয় আৰু জন্মতেই প্রয়োজনীয় সকলো যন্ত্রপাতি শৰীৰত লগাই দিয়া হয়। প্রয়োজন অনুসাৰে শিশুটিক প্ৰগ্ৰেম কৰা হয় – পদার্থবিজ্ঞানী লাগে নে চিকিৎসক লাগে নে কি লাগে। আধুনিক প্রযুক্তিবিদ্যাৰ কৃপাত (নে অভিশাপত?) ২১ ঘণ্টাই কাম কৰিব পৰা যন্ত্ৰ হৈ পৰে সকলো। বাকী এঘণ্টা Routine Maintenance আৰু দুঘণ্টা জিৰণিৰ বাবে আছিল। আমাৰ সময়ত মগজুৰ কাৰ্যদক্ষতা এশ বছৰ আগৰ আদিম মানুহ (নে আচল মানুহ?)ৰ তুলনাত আকাশলংঘী পর্যায়ত আহি উপনীত হৈছেহি।

আমাৰ পৃথিৱী (?)খনত মানুহৰ কাৰ্যদক্ষতা বঢ়াবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰিছিলো আমি। আমি আন এখন পৃথিৱীৰ শৈক্ষিক দিশত আগবঢ়া বা আমাৰ বাবে প্ৰয়োজনীয় যিকোনো দিশতে আগবঢ়া মানুহখিনিৰ ওপৰত (বা আমাৰ মানুহ (?)খিনিৰ ভাষাত আগবঢ়া জন্তু) তীক্ষ্ণ দৃষ্টি ৰাখিছিলো। সিহতক হয় শৰীৰত আমাৰ পৃথিৱী (?)ৰ যন্ত্ৰ-পাতিবোৰ স্থাপন কৰি আমাৰেই মাজৰ এজন হ’বলৈ বাধ্য কৰোৱা হয় নাইবা সিহঁতক আমাৰ চিৰিয়াখানাসদৃশ পৰীক্ষাগাৰত ৰাখি সিহঁতৰ ওপৰত অমানুষিক পৰীক্ষা-নিৰীক্ষা চলোৱা হয়, যিদৰে শেহতীয়াকৈ মগজুৰ ক্ৰমবিকাশৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আছিল।

ল’ৰাটোৰ নাম আছিল অভিনৱ। চকুকেইটা উখহি আছিল। দেখিলেই ধৰিব পাৰি যে সি হয়তো কান্দি আছিল বা বহুদিন ভালদৰে শোৱা নাই বা হয়তো দুয়োটাই। আমাৰ পৃথিৱী (?) খনৰ সদস‍্যভৰ্তি গোটৰ শেহতীয়া লক্ষ্য আছিল অভিনৱ। এজন পদার্থবিজ্ঞানী হচাপে মোৰ প্ৰধান কাম আছিল আমাৰ পৃথিৱী (?)ৰ পৰা সিহঁতৰ পৃথিৱীলৈ সুৰংগ (যাক wormhole বুলি কোৱা হয়) সৃষ্টি কৰি অহা-যোৱাৰ বাট সৃষ্টি কৰাটো। Einstein Rosen bridge বা wormholeৰ ব্যাখ্যা ইয়াত দিয়াটো ভাল নহ’ব। কিয়নো ইয়াৰ সম্পূৰ্ণ গাণিতিক সমীকৰণসমূহ বা সৃষ্টি কৰাৰ কাৰিকৰী কৌশলসমূহ আমাৰ পৃথিৱীত (?) মগজুত স্থাপন কৰা যন্ত্রপাতিসমূহৰ অবিহনে হয়তো বুজি পোৱাটো সম্ভৱ নহ’ব।

তাৰ কোঠাটোৰ বেৰত কিবাকিবি বহুত আঁক-বাক আছিল। মাজে মাজে কিছুমান গাণিতিক সমীকৰণ, সাংকেতিক চিত্ৰ আৰু কম্পিউটাৰ প্ৰগ্ৰেমৰ কিয়দংশ। “বৰষুণবোৰ যে মানুহৰ জুইবোৰে পুৰি পুৰি শেষ কৰি পেলালে। সেয়ে মই মানুহ মৰাৰ যজ্ঞ পতাৰ কথা চিন্তা কৰিছোঁ। মানুহৰ সকলো গৰ্ব, মুখা, হিংসা, প্ৰতাৰণা আহুতি দিম। মানুহ মৰাৰ যজ্ঞত আটাইতকৈ শেষত আহুতি দিম মোৰ হৃদয়খন। তেতিয়া চাগে মই অলপ শান্তিবে শুব পাৰিম।”- তাৰ ডায়েৰীত লিখা আছিল। পদার্থবিজ্ঞানৰ ক্ষেত্ৰখনত সাংঘাতিক ব্যুৎপত্তি দেখুওৱা ল’ৰাটোৰ মানুহক লৈ অলেখ অভিযোগ আছিল। আমাৰ গোটটোৱে আচল মানুহটোকে পাই গৈছিল আমাৰ পৃথিৱীৰ বাসিন্দা হ’বলৈ। অভিনৱৰ দেহত আমাৰ পৃথিৱীৰ যন্ত্ৰ-পাতিবোৰ স্থাপন কৰি, প্ৰশিক্ষণ দি আমাৰ পৃথিৱীৰ এজন কৰি লোৱা হ’ল। অভিনৱেও সি বিচৰা তিনিটা বস্তুৱেই পাই গ’ল-অকল্পনীয়ভাৱে আগবঢ়া পদার্থবিজ্ঞানৰ জ্ঞান, মানুহবিহীন এটা জীৱন আৰু হৃদয়বিহীন এটা দেহ।

“EH432, আপোনাৰ শেহতীয়া ৰিপ’ৰ্টবোৰ দেখি লগা নাই যে আপোনাৰ বিবা উন্নতি হৈছে। আপোনাৰ এই অৱস্থা বৰ্তি থাকিলে আপোনাৰ লগত কি কৰা হ’ব জানে নহয় ?”  পৰীক্ষাৰ দায়িত্বত থকা চিকিৎসকজনে ক’লে। মই নিৰ্বিকাৰভাৱে উত্তৰ দিলোঁ— “জানো মোক মৃত‍্যুদণ্ড দিয়া হ’ব।” মোৰ কেবিনৰ পৰা এখন ছবি আৰু এখন নিজে গঢ়া গীটাৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা মোৰ বাবে এই বাধ্যতামূলক চিকিৎসা পৰীক্ষাৰ ব‍্যৱস্থা কৰা হৈছে। আমাৰ পৃথিৱী (?)ত কলা-সংস্কৃতিৰ চৰ্চা, আৱেগ-অনুভূতিৰ প্ৰদৰ্শন সময়ৰ অপব্যৱহাৰ বুলি গণ্য কৰা হয়। ইয়াৰ মানুহ (?) মানুহবোৰক যদি যন্ত্ৰ বুলি অভিহিত কৰা যায়, কলা-সংস্কৃতিৰ চৰ্চা কৰা মানুহবোৰ আছিল ক্রমাৎ বিকল হ’বলৈ ধৰা একোটা যন্ত্র। বিকল হোৱা যন্ত্ৰ এটা যিদৰে প্ৰথমতে ঠিক কৰিবলৈ চেষ্টা চলোৱা হয় আৰু ঠিক নহ’লে পেলাই দিয়া হয়, ঠিক সেইদৰে আমাৰ পৃথিৱীত প্ৰথমে বাধ্যতামূলক চিকিৎসা-সেৱাৰ ব্যৱস্থা কৰা হয় আৰু কোনো ফল নধৰিলে শেষত মৃত্যুদণ্ড দিয়া হয়। অদৰকাৰী বস্তুৰ আমাৰ পৃথিৱীত একো কাম নাছিল।

মই এনেকে মৰিব খোজা নাছিলোঁ। এবাৰ আচল মানুহ হৈ মানুহৰ সংজ্ঞা বিচৰাৰ হাবিয়াস আছিল। মোৰ হাতত মাত্র এটাই ৰাস্তা আছিল, আনখন পৃথিৱীলৈ গৈ অভিনৱ হিচাপে জীয়াই থকাটো। ধৰা পৰিলে মৃত্যু নিশ্চিত বুলি জানো। কিন্তু কেইদিনমানতো মানুহ হৈ জীয়াই থাকিব পাৰিম। আৰু অভিনৱ যেতিয়া আমাৰ পৃথিৱী(?)ৰ ৰিপোৰ্ট মতে সেইখন পৃথিৱীৰপৰা নিৰুদ্দেশ হোৱা মানুহ। সেয়েহে অস্তিত্ব নথকা মানুহ এটাৰ ওপৰত চকু দিয়াৰ কোনো কথাই নাছিল। প্ৰযুক্তিগতভাৱে আগবঢ়া আমাৰ পৃথিৱীখনত শৰীৰৰ অৱয়ব সলনি কৰাটো কোনো টান কাম নাছিল। অভিনৱক আমাৰ পৃথিৱী (?)ৰ বাসিন্দা হিচাপে নথিভুক্ত কৰাৰ দিনাই মই অভিনৱ হৈ সিখন পৃথিৱীত ভৰি থ’লোঁ শৰীৰত থকা কোনো যন্ত্রপাতিৰ ব্যৱহাৰ নকৰি সঁচা মানুহ হৈ জীয়াই থাকিবলৈ। 

Adventure Islandৰ পৰা ঘূৰি আহি ৰে’ডলাইন মেট্ৰ’ৰ পৰা য়েল্ল’ লাইন মেট্র’লৈ সলনি কৰিবলৈ কাশ্মীৰী গে’ট মেট্র’ ষ্টেচনত ভৰি দিওঁতেই আকৌ চকামকাকে সেই ভাবলেশহীন মুখখন দেখিলোঁ। মনে মনে প্রার্থনা কৰি আছোঁ যাতে মোৰ দুঃস্বপ্ন সঁচা হৈ নাযায়। কিন্তু এনেকুৱা মুখ যে সেইখন পৃথিৱী (?)ৰ মানুহৰ (?) বাহিৰে আন ক’ৰো হ’ব নোৱাৰে, যিখন পৃথিৱী (?)ৰ মানুহ (?)ৰ আৰু কেতিয়াও মুখামুখি হ’ব নালাগে বুলি এৰি অহাৰ তিনি বছৰেই হ’ল। কাশ্মীৰী গে’টৰ অসহ্য ভিৰত ৰাগিনীৰ লগত খোজ মিলাব নোৱাৰি তাইৰ পিছে পিছে গৈ আছিলোঁ। বাকীবোৰ তাইৰ আগত আছিল। হঠাতে, তলকিবই নোৱাৰিলোঁ; এখন বলিষ্ঠ হাতে মোক চোঁচৰাই লৈ গ’ল।

মোক চোঁচৰাই চোঁচৰাই নি প্লেটফৰ্মৰ এমুৰ পোৱালেগৈ। এটা মানুহে (?) মোৰ ডিঙিত ধৰি আছিল আৰু আন এটা মানুহো (?) কাষতে ৰৈ প্লেটফৰ্মলৈ তীব্রগতিত আহি থকা মেট্র’-বে’লখনলৈ একান্ত মনে চাই আছিল। চলন্ত মেট্র’-ৰে’লৰ আগত গতিয়াই পেলাই হত্যা কৰাটো এটা সহজ কথা আছিল। আত্মহত্যাৰ ঘটনা বুলি বেছি গুৰুত্বও লাভ নকৰে।  

এঘণ্টাৰ দৈনিক Routine Maintenanceৰ অবিহনে আশা কৰা নাই যে দেহত এতিয়াও তেতিয়াৰ সেই অতিমানৱী শক্তি থাকিব। তথাপি চেষ্টা এটা চলালোঁ। মোক ধৰি থকা মানুহ (?)টোৰ হাতৰ বান্ধোন অলপ শিথিল হওঁতেই নিজকে তাৰপৰা মুক্ত কৰি সিটোফালৰ প্লেটফর্মলৈ জঁপিয়াই উঠি গ’লোঁ। ঠিক সেই মুহূর্ততে ট্রেইনখন আহি পালেহি। ক্ষন্তেকৰ ভিতৰতে হুৱাদুৱা লাগি গ’ল। বাচি থকা দ্বিতীয়টো মানুহ (?) যিকোনো মুহূর্তৰ ভিতৰতে আহি ওলাবহি মোৰ ওচৰত।

নতুনকৈ লাভ কৰা জীৱনটোতচোন সকলো কাম আজি কৰিম, কাইলৈ কৰিম বুলিয়ে থাকি গ’ল। আজি শেষ মুহূর্তটোত কি শেষ কৰিবলগীয়া কাম বাকী থাকিল ভাবিয়ে নাপালোঁচোন। ম’বাইলটো চালোঁ। পাঁচটা মিচড ক’ল, গোটেইকেইটাৰপৰা এটাকে। হোৱাটআপত ৰাগিনীৰ মেছেজ “ক’ত মৰিলি তই?” খৰধৰকৈ টাইপ কৰিলোঁ- “ঢেৰ ভালপাওঁ তোক।” মই মৰিলে বাৰু তাই মোৰ বাবে দুখ কৰিবনে? আচল অভিনৱৰ বাবে? তাইক কৈ যাওঁ নেকি মোৰ ডায়েৰীখনৰ কথা! দ্বিতীয়টো মানুহ (?) আহি ইতিমধ্যে মোক এৰাব নোৱাৰাকৈ ধৰি ল’লে…।

দ্বিতীয়খন মেট্ৰ’-ৰে’ল তীব্ৰগতিত প্লেটফর্মলৈ আহি আছিল।  “কি কৰিব পৰা যায়… ।” চিন্তা কৰিবলৈয়ো যে হাতত সময় বৰ তাকৰ।

বিঃদ্ৰঃ— সেই ঘটনাৰ ১০০০ বছৰ পিছত আজি কোনেও মানুহৰ সংজ্ঞা নোসোধে। মানুহৰ সংজ্ঞা চিৰদিনৰ বাবে সলনি হৈ গ’ল দুয়োখন পৃথিৱীৰ বাবে। পিছে এতিয়াও EH432ৰ দৰে ৰোগত আক্ৰান্ত শিশুৰ জন্ম হয় আৰু মৃত‍্যুদণ্ডও লাভ কৰে যথাসময়ত। সিহঁতৰ মগজুৰ স্মৃতি মাথোঁ একো একোটা মে’মৰী চিপত ৰৈ যায় স্মৃতি চিহ্ন হিচাপে।

This short story was published in Cotton University’s annual magazine “Cottonian” (92nd edition, 2017–18, Editor – Abhijit Bora, ISSN 2394-1367).

এই চুটিগল্পটি কটন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘কটনিয়ান’ত প্ৰকাশিত হৈছিল । (৯২ সংখ্যক প্রকাশ, ২০১৭-১৮ চন, সম্পাদক-অভিজিৎ বৰা, ISSN 2394-1367)

Scroll to Top