অনলাইন

ৰং-বিৰঙৰ লাইট দুটামান কেইবাৰমান জ্বলি নুমাই গ’ল। অন্ধকাৰৰ কৰাল গ্ৰাসৰ পৰা মুক্তি বিচাৰি মনটোৱে হাহাকাৰ কৰিবলৈ ধৰিলে। কোঠাটোৰ ঊর্ধ্বভাগৰ একাংশৰ পৰা নিগৰি অহা এছাটি ক্ষীণ ৰশ্মিয়েই আছিল একমাত্র সম্বল। লাহে লাহে বুকুখন গধুৰ হৈ আহিবলৈ ধৰিলে। অক্সিজেনৰ অভাৱত কিমান সময় ধৰফৰাই পৰি থাকিলো মনত নাই। শেষত বাধ্য হ’লো বহুদিন ধৰি অকামিলা হৈ থকা হাত-ভৰিকেইখন চলাবলৈ আৰু উশাহ ল’বলৈ অকণমান বতাহ বিচাৰি সেই পোহৰচাটিৰ দিশত আগবাঢ়ি গ’লো। তাত থকা দুৱাৰ নে খিৰিকী ক’ব পৰা নাযায়, সেইখনৰ লগত অলপ পৰ যুঁজ-বাগৰ কৰাৰ পিছত সেই অন্ধকাৰ কোঠালিৰ পৰা বাহিৰ ওলাবলৈ সক্ষম হ’লোঁ। চকু চাট মাৰি যোৱা উজ্জ্বল পোহৰ। অলপ পিছত চকু স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত দেখিলো যে চৌদিশে মোৰ নিচিনা অনেক পংগু মানুহ আৰু কিছুমান মৃতদেহ। যেন এক দুঃস্বপ্ন।

মই জন্মগতভাৱে বাধাগ্রস্ত নাছিলো। মোক মানসিকভাবে পংগু সজাই দিয়া হ’ল। শাৰীৰিক বাধাগ্রস্ততাক মানুহে জয় কৰিব পাৰে। কিন্তু মানসিক বাধাগ্রস্ততা? মুঠতে মোক তিল্-তিলকৈ এই মৃত্যু গহ্বৰলৈ ঠেলি দিয়া হ’ল।

মোৰ, আমাৰ বুলিও ক’ব পৰা যায়। এই যন্ত্রণা আৰু যন্ত্ৰণাৰ উৎসক মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু পূৰ্বপুৰুষৰ লেখনিৰ ভিত্তিত ক’বলৈ ওলাইছো।

মই এনেকুৱা নাছিলো আগতে। কটন কলেজৰ এজন সাধাৰণ ছাত্র আছিলো। স্নাতক হ’বলৈ মাত্র এটা ষাণ্মাসিক বাকী আছিল। ক্লাছ বাংক কৰি ভাল পোৱা, বন্ধু-বান্ধৱীৰ লগত সুযোগ পালেই আড্ডা দি ফুৰা, গান গাই আৰু ৰাস্তাই-ঘাটে টিঘিল ঘিলাই ভাল পোৱা ল’ৰা আছিলোঁ মই। যৌৱনৰ সেই সোণালী দিনবোৰৰ মাজতে মোৰ/আমাৰ জীৱনৰ দুৰ্যোগৰ আগজাননী কিছুমান পাবলৈ আৰম্ভ কৰিছিলোঁ।

-অ’ই বান্দৰ, ইয়াত বহি কি কৰি আছ?
-নাই মানে, এনেই। ক্লাছৰ পৰা কেতিয়া আহিলা?
-কথা সলাবলৈ আহিছ। কি কৰি আছিলি ক’ব নোৱাৰ ন! এনেকুৱা কাম ক’ৰ কেলেই যাৰ কথা তই ক’ব নোৱাৰ।

বেলেগৰ কথা নাজানো। আমাৰ দৃষ্টিত বৰিঙতকৈয়ো বৰিং ক্লাছবোৰ কৰিবলৈ লৰা-ঢপৰা কৰা ল’ৰা-ছোৱালীবোৰক, বিশেষকৈ ছোৱালীবোৰক জোকোৱাটো আমি আমাৰ এটা পৰম কৰ্তব‍্যৰ ভিতৰত বুলি ধৰি লৈছিলো, আৰু আমাৰ সেই নিত্য-নৈমিত্তিক কৰ্মৰ ওপৰত সুযোগ পালেই গার্জেনগিৰি বা কেতিয়াবা পুলিচগিৰি দেখুৱাই ভাল পাইছিল তাই, মনালিচাই।

যিমান পাৰি ভদ্ৰ মানুহৰ দৰে অভিনয় কৰিবলৈ চেষ্টা কৰিছিলো যদিও লাভ নহ’ল। তেনেতে কেইজনমান নতুন ছাত্ৰ হাতেৰে চৰাইৰ দৰে উৰি যোৱাৰ অভিনয় কৰি মুখেৰে ‘কাউ-কাউ’কে চিঞৰি
ওলালেহি। অন্য মানুহ হোৱা হ’লে নিশ্চয় আচৰিত হ’ল হয়। কিন্তু ইয়াত এজন সমাজৰ গণ্য-মান্য ভদ্র ব্যক্তিৰ (যদিও একমাত্ৰ মইহে নিজৰ পৰিচয় এনেকৈ দিও) মুখা খোল খাবলৈ ধৰিছিল। “কৈছিলো নহয় নতুন ল’ৰা-ছোৱালীক এইবোৰ যা-তা কাম নকৰাবলৈ।”-
ধুমুহা বতাহ বলিবলৈ আৰম্ভ কৰিলেই লাহে লাহে।

কেৱল ধেমালি আছিল সেয়া। ল’ৰাকেইটাক নতুনকৈ কলেজ আহিয়েই চুলিকেইডাল গঁড়ৰ খড়গ যেন ষ্টাইল (খাটি অসমীয়া ভাষাত
ক’বলৈ গ’লে ইষ্টাইল) মাৰি অহাৰ কাৰণে এইবোৰ কাণ্ড কৰিবলৈ দিছিলো যদিও মোৰ চুলিকেইডালো খড়গতকৈ কম নাছিল। এতিয়া সিহঁতৰ হিটলাৰী শাসকেই গালিত সকা সৰকা হোৱা দেখি হাঁহি হাঁহি পলাই গ’ল সিহঁত।

-মনালিচা, প্লিজ, সদায় কি মোক এনেকৈয়ে গালি পাৰি থাকিবা। কেতিয়াবাতো অলপ মৰম কৰা!
-এক চৰ লগাম ন, গম পাবি। পৃথিৱীত কি হৈছে খবৰ ৰাখিছ? বলচোন লাইব্ৰেৰীলৈ।

পৃথিৱীত কি হৈছে নাজানো। কিন্তু এটাই জানো হৃদয়ে ‘দিল মাংগে ম’ৰ’ বুলি চিঞৰি আছিল। উপায় নাপাই সদায় দূৰৈৰ পৰাই নমস্কাৰ জনোৱা লাইব্ৰেৰীটোত আহি সোমালোহি। আজোককাৰ ডায়েৰিত পঢ়িবলৈ পোৱা মতে সূৰ্য্য কুমাৰ ভূঞা লাইব্ৰেৰীটো সেই
তেতিয়াৰ পৰা একে ঠাইতে আছে। মাত্ৰ আগৰ ছপা কিতাপবোৰৰ ঠাই এতিয়া ডিজিটেল বুকবোৰে অধিকাৰ কৰিছেহি আৰু আগৰ বাতৰিকাকতবোৰৰ ঠাইত এটা হলোগ্রাম প্রজেক্টৰ আছে।

“আমাৰ পূৰ্বজসকলে গঢ়ি থৈ যোৱা এই ধুনীয়া পৃথিৱীখন আজি এক সন্ধিক্ষণত আহি উপস্থিত হৈছেহি। দুটা অতি প্রয়োজনীয়
ৰিয়েক্টৰ বিকল হৈ পৰাৰ বাবে বিগত কিছুদিনৰ পৰা বিদ্যুতৰ অভাৱে বিপদৰ সংকেত কঢ়িয়াই আনিছে। কিন্তু যিদৰে মানৱজাতিয়ে প্ৰতিটো
প্রত্যাহ্বান নেওচি আজিৰ এই উন্নতিৰ শিখৰত আহি উপস্থিত হৈছেহি ঠিক সেইদৰে আমি অনাগত দিনবোৰত সকলো বাধা অতিক্ৰম কৰিব
পাৰিম বুলি মোৰ বিশ্বাস আছে। কিন্তু ইয়াৰ বাবে লাগিব আপোনালোক সকলোৰে সহযোগিতা। সাহসেৰে দুৰ্যোগৰ সন্মুখীন হ’বলৈ প্রত্যেকখন ঠাইতে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰা হ’ব আৰু সবিশেষ তথ্য আপোনালোকক ব্যক্তিগতভাৱে জনোৱা হ’ব। ধন্যবাদ।”
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ হল’গ্রাম প্রতিকৃতিটো নাইকিয়া হৈ গ’ল। প্ৰযুক্তি বিদ্যা নিৰ্ভৰ এই পৃথিৱীখনত আগৰ ৰাষ্ট্ৰসমূহ অতীত হৈ গ’ল। এতিয়া প্রযুক্তিবিদ্যাৰ গৰাকীসকলে পৃথিৱী শাসন কৰে। ৰাষ্ট্ৰসংঘৰ সমূহ কাৰ্যালয়ত মার্ক জুকাৰবাৰ্গৰ এখন হ’লেও প্রতিচ্ছবি থাকে। যিদৰে অতীতত ভাৰতৰ সকলো কাৰ্যালয়ত মহাত্মা গান্ধীৰ প্রতিচ্ছবি আছিল। কিন্তু কেৱল জুকাৰবাৰ্গৰে কিয়?

“কি বা হ’ল কথাটো।”
“একো নহয় দিয়া। যোৱা বছৰচোন বানপানীৰ আগজাননী দিছিল। কিবা হ’ল নেকি?”
“উস্ তাকেইটো। ঠিক আছে এতিয়া মই যাওঁ দিয়া।”
‘নাযাবা নাযাবা সোণ মোকে এৰি থৈ।’ ব্রেকগ্রাউণ্ডত যেন মিউজিক বাজি উঠিল।
“ৰ’বা না। এনেই অলপ বহোগৈ এম চি বিৰ সন্মুখত।”
“এতিয়া নালাগে দিয়া, পিছত। মই ওলাই যাম অলপ। লগ কৰিলে তোমাৰ personal robot টোক জনাই দিম।”

আৰুনো কি লাগিছে ইয়াৰ বাহিৰে? মাজে মাজে ভাবিবলৈ চেষ্টা কৰো ‘আগতে বা কটনখন কেনেকুৱা আছিল- ১৯০১ চনত বা ২০১৩ চনত (আজোককাহঁতৰ দিনত)।দেৱদাৰু গছৰ ছাঁত ঘূৰি ফুৰা যৌৱনৰ প্ৰাণ চঞ্চলা ডেকা-গাভৰুৰবোৰ বাৰু আজিৰ দৰেই আছিল নে? হোষ্টেলৰ পৰা ভাহি অহা গীটাৰ-বাঁহীৰ মাত অথবা কলেজ চৌহদৰ বিখ্যাত আড্ডাস্থলীবোৰত জমি উঠা আড্ডাবোৰে আজিৰ দৰেই কটনখন জীপাল কৰি ৰাখিছিল নে?

কিন্তু সময়ৰ গতিত কিছু পৰিৱৰ্তন আহিল। সেই সময়ত আমাৰ নিচিনা এৰাল ছিগা গৰুবোৰৰ কাৰণে জীয়াই থকাৰ একমাত্র সম্বল আছিল ককাদেউতাৰ ডায়েৰিত সঘনাই উল্লেখ থকা স্মার্ট ফোন, হোৱাটচ্ছ-আপ, ফেচবুক, হাইক ইত্যাদিবোৰ। চিনাকি-অচিনাকি মুখবোৰক এবাৰ ‘হেল্ল’ বুলি মেছেজ দি চোৱাটো, প্রেমালাপ কৰি অথবা দুপৰ নিশালৈ group chat ত আড্ডা পিটাও কেনেকুৱা মজা আছিল ভাবিবলৈ চেষ্টা কৰোঁ। লাহে লাহে প্রযুক্তি বিদ্যাৰ উন্নতিৰ লগে লগে মানুহে যাক যেতিয়াই যি স্থানতে লগ কৰিব বিচাৰে লগ কৰিব পৰা হ’ল নিমিষতে, লগতে সকলো কামৰ বাবে personal robot বোৰটো আছিলেই। আগৰ সেই যোগাযোগৰ মাধ্যমবোৰ নোহোৱা হৈ গ’ল। তথাপি কেতিয়াবা আজোককাহঁতৰ দিনৰ নিচিনাকৈ এবাৰ মনালিচাক হোৱাটছ এপত মেছেজ এটা দি চাবলৈ মন যায় ‘I miss you dear’ বুলি, আৰু কেইটামান দুষ্ট emoji যোগ কৰি দিবলৈ, এটা সময়ত যেনেকৈ কিছুমানৰ মন গৈছিল হেৰাই যোৱা চিঠিৰ নিভাঁজ মৰমবোৰ আকৌ এবাৰ ঘূৰাই আনিবলৈ।

চিন্তাৰ জাল গুঁঠি থাকোঁতেই artificial intelligence সম্পন্নি ৰাকাৰ মোৰ personal robot টোৱে কৈ উঠিল যে মনালিচা নেহৰু পাৰ্কত ৰৈ আছেহি। ময়ো লৰালৰিকৈ গৈ ওলালোগৈ।

‘হাই!’ তায়ো ক’লে ‘হাই’ বুলি। নাই, তাৰ পিছত আৰু কোনো কথা নাই। নির্বাক সময়বোৰ বেছি বাংময় আৰু তাৰ ফলাফলবোৰো মিঠা বুলি প্রায়ে শুনিছিলো। ওহো, নহ’ল কিন্তু আমাৰ ক্ষেত্রত তেনেকুৱা। অমানিশাৰ সংকেত কঢ়িয়াই আমাৰ personal robot কেইটাই ৰাষ্ট্ৰসংঘৰ পৰা অহা বাতৰি পঢ়িবলৈ আৰম্ভ কৰিলে, যাৰ শিৰোনাম আছিল ‘জৰুৰীকালীন log out’।

খন্তেকতে বুজি উঠিলো যে এয়া আমাৰ বিদায়ৰ বেলা। নাজানো এই জনমত আৰু দেখা হ’বনে নহয়। তাইক জোৰেৰে সাবটি ধৰিলো। নির্বাক মুহূৰ্তবোৰত বহু কথাই যেন কোৱা হ’ল, পায়ো যেন বহু কিবাকিবি হেৰুৱালো।

অলপ পিছত নিজকে আৱিষ্কাৰ কৰিলো সেই অন্ধকাৰ কোঠালীটোৰ বাহিৰত। মৃতদেহৰ দুৰ্গন্ধই লাহে লাহে পৰিৱেশটো আৰু অসহনীয় কৰি তুলিলে। নাজানো মনালিচা ক’ত বা মোৰ অপেক্ষাত এইখন জগতত আছে নে নাই। নাজানো আৰু কেতিয়াবা সেই হাঁহি-ধেমালিৰ দিনবোৰ ঘূৰি আহিবনে নাই। নাজানো মানৱ জাতিয়ে প্রযুক্তিবিদ্যাক মানৱজাতিৰ নতুন ভগৱানৰ গাদীত বহুওৱাৰ বাবে পৰিতাপ কৰিবনে নাই। সেইদিন ধৰি সাক্ষী হ’লো মানৱজাতি বিলুপ্তিৰ গৰাহলৈ আগবাঢ়ি যোৱা প্ৰতিটো ক্ষণৰ। প্ৰতিটো মুহূৰ্ততে মনত পৰি থাকিল ৰাষ্ট্ৰসংঘই পঠিওৱা সেই ভয়ানক জাননীখন।

‘জৰুৰীকালীন log out’
“পৃথিৱীৰ সকলো বাসিন্দাক এই কথা জনাবলৈ অতি দুখ অনুভৱ কৰিছো যে বিদ্যুতৰ অভাৱে এনেকুৱা ভয়াৱহ ৰূপ ধাৰণ কৰিছেহি যে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্র উপায়টো হ’ল অফ লাইন হোৱা। ইয়াৰ বাবে প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা আছিল যদিও সমস্যাৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীনভাৱে সকলোকে log out কৰোৱাই চিষ্টেমটো shut down কৰাৰ সিদ্ধান্ত লোৱা হৈছে আপোনালোকক অতি কষ্টৰে আমি সেই সত্যটোক মনত পেলাই দিবলৈ বাধ্য হৈছো যে আমি বাস কৰা এই জগতখন এখন online virtual world হে। আপোনালোক প্ৰত্যেকৰে দেহ এটা কোঠাত ৰখা হৈছে যি ঠাইৰ পৰা আপোনালোকৰ মগজু অনলাইন হৈ এইখন জগতত প্ৰৱেশ কৰে। আপোনালোক আৰু কেইটামান মুহূৰ্তৰ ভিতৰত সেই জগতখনলৈ ঘূৰি যাব লাগিব। কোনোদিনে ধাৰণ নকৰা দেহ এটা ধাৰণ কৰিবলৈ। হয়তো এয়া বহুতৰ বাবে অসম্ভবেই হ’ব। তথাপি আশাকৰোঁ মানৱ জাতিয়ে অফ লাইন জগতৰ কঠোৰ বাস্তৱৰ সৈতে যুদ্ধ কৰি অতি সোনকালে অনলাইন পৃথিৱীলৈ ঘূৰি আহিব পাৰিব।”
-‘ৰাষ্ট্ৰসংঘ আৰু ফেচবুকৰ উদ্যোগত জনহিতার্থে প্রচাৰিত।’

This short story was published in Cotton University’s annual magazine “Cottonian” (90th edition, 2015-16, Editor – Gunjan Sharma, ISSN 2394-1367).

এই চুটিগল্পটি কটন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘কটনিয়ান’ (৯০ সংখ্যক প্রকাশ, ২০১৫-১৬ চন, সম্পাদক-গুঞ্জন শৰ্মা, ISSN 2394-1367)

Scroll to Top