WORMHOLE-ৰ মাজেৰে তোমাৰ ওচৰলৈ
পাৰাস্তম্ভই ৩৭ ছেলছিয়াচৰ ঘৰলৈ বগাইছিল। তথাপি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৈ অহা কোমল বতাহছাটিয়ে লাহে লাহে মুখমণ্ডলৰ পৰা বিৰক্তিৰ চিনবোৰ মোহাৰি পেলালে। কিছু সময় গ’ল তেনেকৈয়ে। লাহে লাহে গতানুগতিক জীৱনৰ যান্ত্রিক অনুভৱবোৰ শুক্ৰেশ্বৰঘাটত উটুৱাই দিয়া পিণ্ডবোৰৰ লগত উটি গ’ল এইখন আৰু সেইখন জগতৰ সীমা বিচাৰি। সেইখিনি সময়তে গীতাৰ ম’বাইলটোত ‘1 new message received’ বুলি লিখা কথাখিনি জিলিকি উঠিল।
‘I will see you in front of Nehru Park in 10 minutes.’
কল্পনাৰ দহবিমীয় জগতখনৰ পৰা তাই ওলাই আহি কটন কলেজৰ সন্মুখৰ সেই চিৰযৌৱনা ঠাইডোখৰলৈ ঢাপলি মেলিলে।
‘বহুতদিনৰ মূৰত…।’ বহুদিনৰ স্মৃতিৰ ছুনামীয়ে আৱৰি ৰখা নয়নৰ হৃদয়ৰ পৰা মাত্ৰ এইকেইটা কথাই ওলাল।
‘উমম।’ নতুনকৈ অহা 1st year, degree master degreeৰ ছাত্ৰ-ছাত্ৰীৰে গিজগিজাই থকা কটনৰ হাজাৰটা হুলস্থূলৰ মাজত গীতাৰ মাতটো নয়নৰ ওচৰ গৈ পালেগৈ নে নাই বুজা নহ’ল।
‘কিবা কোৱা না।’ নয়নে গীতাৰ হাতখন নিজৰ হাতৰ মুঠিত ৰাখি ক’লে। সঁচাকৈয়ে প্রযুক্তিবিদ্যাৰ কৃত্ৰিম নিৰৱচ্ছিন্ন সান্নিধ্যই বাস্তৱ জগতৰ মধুৰ বাৰ্তালাপৰ মাদকতা যেন কিছু লঘু কৰি পেলালে। নয়নে তাইৰ হাতখন জোৰেৰে ধৰি বুজাব বিচাৰিছিল কিদৰে Quantum Physic-ৰ গণনাত এক ছেকেণ্ডটো অতি দীঘলীয়া সময় হোৱাৰ দৰে তাইক শেষবাৰৰ কাৰণে দেখাৰ পিছত এই গোটেই বছৰটো এটা যুগৰ দৰে হৈ পৰিছিল। সি তাইক বুজাব বিচাৰিছিল যে Wormhole-ৰ সুৰংগৰ শেষত সদায় তাইৰে ঠিকনা আছিল।
‘ব’লা পার্কত বহোগৈ।’ লাহে লাহে সিহঁত হৃদয়ৰ Wormhole-ৰে ঘূৰি গৈছিল অতীতৰ সেই মাদকতা ভৰা দিনবোৰলৈ।
ঠিক একে সময়তে অযুত অযুত বিশ্বব্রহ্মাণ্ডত চলি আছিল অনেক পোৱা-নোপোৱা, হোৱা-নোহোৱাৰ জটিল গণনা। Wormhole-ৰ সীমাহীন জালিকাত লাগি ৰৈছিল বহু আৱেগৰ কেঁচা, কাহানিও নুশুকোৱা দাগ।
‘দিল্লীত নতুন নতুন ছোৱালীৰ পিছত ঘূৰি ফুৰাৰ মাজত সময় পালে মোলৈ মনত পেলাবা।’- অযুত অযুত ব্ৰহ্মাণ্ডৰ কোনোবা এখনত সেই সময়ত পুনৰাবৃত্তি ঘটিছিল দুবছৰৰ আগৰ সেইদিনটোৰ যেতিয়া দিল্লী বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানত স্নাতক কৰিবলৈ যোৱা নয়নৰ বিদায়ৰ প্ৰস্তুতি চলিছিল গীতাৰ হেজাৰটা মৰমসনা কৃত্রিম অভিমানৰ মাজেৰে। Wormhole-ৰ মাজেৰে নিগৰি অহা সেইদিনবোৰৰ স্মৃতিয়ে আজিও কেতিয়াবা আনমনা কৰি তোলে নয়নক।
‘তুমি সঁচায়ে যুগে যুগে প্রতিখন সাদৃশ্যযুক্ত বিশ্বব্রহ্মাণ্ডতে ধুনীয়া।’ গীতাই বিশেষ বুজি নাপালেও শুনি থাকিল কোনোবা এখন বিশ্বব্রহ্মাণ্ডত নেহৰু পাৰ্কত নয়নৰ গাত মূৰ আওজাই। ‘Wormhole-ৰ মাজেৰে তোমাৰ প্ৰতিটো ৰূপক হেজাৰ-বিজাৰখন বিশ্বব্ৰহ্মাণ্ডত বিচাৰি যাম।’- নয়নে ভাবিলে যে সিহঁতৰখনৰ নিচিনা আৰু বিশখনমান বিশ্বব্রহ্মাণ্ডত থকা নয়নে চাগে গীতাক এইখিনি কথাই কৈ আছে। গীতাই দেখিলে কটনৰ ক্লাছবোৰ বাদ দি নয়নৰ লগত কটাবলৈ অহা সময়বোৰ তাৰ গৱেষণাৰ কথাবোৰে লাহে লাহে বৰবাদ কৰিবলৈ আৰম্ভ কৰিছে।
‘তোমাৰ অযুত অযুত বিশ্বব্ৰহ্মাণ্ড আৰু Wormhole বোৰ দিল্লীতে থৈ আহা। এতিয়া কিবা বেলেগ কথা কোৱানা।’
‘নহয়…, কি জানা! তোমাক যে কৈছিলোঁ Wormhole-ৰ কথাটো। আমি বর্তমান সফলতাৰ চূড়ান্ত পৰ্যায়ত। ইমানদিনে আমি Wormhole-ৰ মাজেৰে ভাহি অহা অন্য বিশ্বব্ৰহ্মাণ্ডৰ বিকিৰণহে অধ্যয়ন কৰিব পাৰিছিলোঁ। কিন্তু এতিয়া আমি চাগে অতি সোনকালেই Wormhole-ৰ মাজেৰে গৈ অন্য এখন বিশ্বব্রহ্মাণ্ডত উপস্থিত হ’ব পাৰিম। অযুত অযুত বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত আমাৰ লগত সাদৃশ্য থকা কিছুমানত নয়ন আৰু গীতা নামৰ ল’ৰা-ছোৱালী এহালে আমাৰ নিচিনাকৈয়ে প্রেম কৰি থাকিব।’
নয়ন গুৱাহাটীত থকা দিনকেইটা তেনেকৈয়ে পাৰ হৈ গ’ল। সি দিল্লীলৈ যোৱাৰ তিনিমাহ পিছত গীতাই WhatsApp-ত তাৰ এটা ভয়ছ মেছেজ পালে। ‘গীতা জানা, মই অহা বিশ্বব্ৰহ্মাণ্ডখনৰ সময় আমাৰখনতকৈ পাঁচ বছৰ পিছপৰা। ইয়াত আমাৰ স্কুলীয়া দিনৰ প্ৰেম কাহিনীৰ পুনৰাবৃত্তি ঘটি আছে। তুমি সঁচায়ে বহুত মৰমলগা আছিলা দেই। Wormhole-ৰ মাজেৰে কোনোমতেহে এই মেছেজটো পঠিয়াইছোঁ। চিন্তা নকৰিবা। সোনকালে আহিম।’
কেইদিনমান পিছত সংবাদ মাধ্যমত নয়নৰ নিৰুদ্দেশৰ খবৰ প্রকাশ পালে। নয়ন নাইকিয়া হোৱা কথাটো এক ৰহস্যৰ দৰে হৈ পৰিল। সঁচাকৈয়ে জানো কোনোবাই Wormhole-ৰ মাজেৰে ভ্ৰমণ কৰিব পাৰে? গীতাই মাথোঁ এটুপি চকুলো টুকিলে কিজানি চকুপানী টোপালে Wormhole-ৰ মাজেৰে গৈ নয়নৰ পৰশ অকমাণ পায়গৈ!
This short story was published in Cotton University’s annual magazine “Cottonian” (89th edition, 2014–15, Editor – Priyadarshika Medhi, ISSN 2394-1367).
এই চুটিগল্পটি কটন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘কটনিয়ান’ (৮৯ সংখ্যক প্রকাশ, ২০১৪-১৫ চন, সম্পাদক-প্ৰিয়দৰ্শিকা মেধি, ISSN 2394-1367)